অসমীয়া সাহিত্যৰ চানেকিৰ বিষয়ে

অসমীয়া সাহিত্যৰ চানেকি চমুকৈ অঃসাঃচা হৈছে ইউনিকোডত প্ৰকাশিত অসমৰ প্ৰথমখন দৈনিক ই আলোচনী । প্ৰথমতে এই প্ৰকল্পটো আমি তিনিজন বন্ধুয়ে মিলি আৰম্ভ কৰিছিলো বোকাখাটৰ ৰিন্টু কুৰ্মী,নুমলীগড়ৰ দুলাল ৰবিদাস আৰু মই । আৰম্ভণিৰ সময়ছোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিলো লেখা সংগ্ৰহৰ পৰা প্ৰকাশ কৰাৰ লৈকে । এখন মাহেকীয়া আলোচনী প্ৰকাশ কৰিবলৈ কিমান কঠিন তাতে এইখন দৈনিক আলোচনী । সমস্যা আহিছিল যথেষ্ট যিমান পাৰি সমাধান কৰি আগুৱাই নিয়াৰ বাবে সদায়েই প্ৰস্তুত আছিলোঁ । 

সাধাৰণতে আলোচনী বুলি কলে এখন কিতাপৰ প্ৰতিচ্ছবিহে আমাৰ মনলৈ আহে । আগতে কিতাপ আকাৰেই আলোচনী সমূহ প্ৰকাশ পাইছিল । লাহে লাহে সময়ৰ পৰিৱর্তন হল ইন্টাৰনেটৰ ব্যৱহাৰৰ ফলত মানুহে নিজৰ ভাল লগা ভাবসমূহৰ প্ৰকাশ ঘটিল ফেচবুক ,ব্লগ আদি বিভিন্ন সামাজিক মাধ্যমত লেখা মেলা কৰিবলৈ আৰম্ভ কৰিলে সমান্তৰালভাৱে ইন্টাৰনেটৰ ব্যৱহাৰৰ  ফলত আলোচনী সমূহৰ পাঠকৰ সংখ্যা কমিল বিকল্প হিচাপে ই- আলোচনীসমূহ ইন্টাৰনেটত উপলব্ধ হবলৈ ধৰিলে । 

সেই অনুযায়ী অসমীয়া সাহিত্যৰ চানেকি ইন্টাৰনেট ব্যৱহাৰৰ ফলতেই আৰম্ভ হোৱা এক উদ্ভাৱন বুলি কব পাৰি । অসমীয়া সাহিত্যৰ চানেকিৰ আৰম্ভণিৰ মূলত কাৰণসমূহ এনেধৰণৰ ।

১/ ইন্টাৰনেটত অসমীয়া ভাষাৰ স্বীকৃতিৰ বাবে পৰোক্ষভাৱে এক ভাষাৰ আন্দোলন গঢ়ি তোলা ।

২/ ইন্টাৰনেটত ন- পুৰণি লেখক লেখিকা সকলক স্থান/মঞ্চ দিয়াৰ লগতে তেওঁলোকৰ লেখাসমূহ সংৰক্ষণ কৰি ৰখা । 

৩/ উঠি অহা‌ যুৱপ্রজন্মৰ বাবে সহায়ক হোৱাকৈ ইন্টাৰনেটত অসমীয়া ভাষাত তথ্য সংযোগ কৰা । 

অসমীয়া সাহিত্যৰ চানেকি দৈনিক ই আলোচনীখন ২০২০ চনৰ ০১ জানুৱাৰী তাৰিখৰ পৰা প্ৰকাশ পাই আহিছে । ইতিমধ্যে আলোচনীখনে মুঠ ৩০০০+ লেখা প্ৰকাশ কৰিবলৈ সক্ষম হৈছে আৰু মুঠ ৫০০+ লেখক লেখিকাৰ সহাৰি পোৱা গৈছে । লেখকৰ ৰুচি অনুযায়ী এতিয়ালৈকে আলোচনীখনত মুঠ ৫০+ শিতান সন্নিবিষ্ট কৰা হৈছে । 

আটাইতকৈ গৌৰৱৰ বিষয়টো হ'ল যে আমি  তিনিজনে আৰম্ভ কৰা এই প্ৰকল্পটোত বৰ্তমান ৪২ গৰাকী যুৱক যুৱতীয়ে আমাৰ সৈতে সহযোগ কৰি সেৱা আগবঢ়াই আহিছে ।


Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment

Previous Post Next Post