মোৰ শৈক্ষিক জীৱন

মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলো মোৰ ঘৰৰ নিচেই কাষতে টিপমীয়া প্ৰাথমিক বিদ্যালয় নামৰ বিদ্যালয় খনত । মাধ্যমিক শিক্ষা লাচিত মজলীয়া বিদ্যালয়ত হাইস্কুল শিক্ষা টিয়ক উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক শিক্ষা চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ পৰা ২০১২ চনত মোৰ   উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ হয় । ইয়াৰ পিছতে মই বিঃএ ডিগ্ৰীটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰৱৰ্তী পাঠ্যক্ৰমৰ অধীনত ডিগ্ৰীৰ বাবে নামভৰ্তি কৰি ললো আৰু আইঃটিঃআই পঢ়াৰ বাবে মন মেলিলো কিন্তু মেট্রিকৰ পৰীক্ষাত ভাল ফলাফল নোপোৱাৰ বাবে ২ বছৰ যোৰহাট আইঃটিঃআই ত নাম ভৰ্তিৰ বাবে আবেদন কৰাৰ কৰাৰ পিছতো নিৰ্বাচিত নহলো । ২ বছৰ সময় ইতিমধ্যে উকলি গৈছিল   অৱশ্যে তেতিয়া মই বিঃএ এটা বছৰ পঢ়া সম্পূৰ্ণ কৰি Part ii  ত নামভৰ্তি কৰিছিলো কিন্তু আইঃটিঃআই  পঢ়াৰ বাবে চেষ্টা অব্যাহত আছিল ২ বাৰকৈ চৰকাৰী আইঃটিঃআই ত নামভৰ্তিৰ বাবে  আবেদন কৰি ছিট নোপোৱাৰ পিছত আশা বাদ দি যোৰহাটৰে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰাইভেত আইঃটিঃআই এখনত ইলেক্টিচিয়ান বিভাগত অৱশেষত নামভৰ্তি কৰি ললো ।তাৰ পিছত ডিগ্ৰী আৰু  আইঃটিঃআইৰ ফাইনেল পৰীক্ষাৰ ঠিক কেইমাহ মানৰ আগমুহূর্তত মোৰ পেটৰ এক জটিল ৰোগৰ বাবে পৰীক্ষাত বহিব নোৱাৰিলো । পৰীক্ষা সমূহ দিয়াৰ বাবে ২/৩ বাৰকৈ সুবিধা আছিল যদিও আৰ্থিক আৰু অন্য কিছু কাৰণত মোৰ  শৈক্ষিক জীৱনৰ ইমানতে সমাপ্তি ঘটে । 
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment

Previous Post Next Post